ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত প্রণতি ডেকা নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়।ঘৰটোত অকলশৰীয়াকৈ বাস কৰা মহিলাগৰাকীৰ ঘৰত শ্বট চাৰ্কিটৰ ফলত সূত্রপাত হোৱা জুয়ে মুহূর্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হৈ জীৱন্তে অগ্নিদগ্ধ হোৱাৰ ফলতেই মৃত্যুমুখত পৰে মহিলাগৰাকী। ঘটনাৰ প্ৰাপ্ত বিৱৰণ অনুসৰি বেলতলাৰ ছাৰ্ভেৰ ৪নং বাইলেনৰ (দামোদৰ পথ) এটি অট্টালিকাত (গৃহ নং ৩২) সোমবাৰে বিয়লি প্রায় আঢ়ৈ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
তিনিমহলীয়া অট্টালিকাটোৰ প্ৰথম মহলাত অগ্নিকাণ্ডৰ সূত্রপাত হয়। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্রথমে শ্বর্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্রপাত হোৱা বুলি সন্দেহ কৰা হৈছে। ইফালে ঘটনাৰ আকস্মিকতাৰ বাবে সেই সময়ত পাকঘৰত থকা প্রণতি ডেকা (৬৩) নামৰ মহিলাগৰাকীয়ে ঘৰৰ বাহিৰলৈ ওলাই আহিব নোৱাৰিলে। তাৎক্ষণিকভাৱে জুয়ে প্রলয়ংকৰী ৰূপ ধাৰণ কৰাত আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰটো বিস্ফোৰণ ঘটাত মহিলাগৰাকী ঘৰটোৰ ভিতৰতে আবদ্ধ হৈ পৰে আৰু তাৰ ফলতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। ভয়ংকৰ জুই দেখি বাহিৰলৈ ওলাব নোৱাৰি তেওঁ শোৱনি কোঠাত আশ্রয় লৈ প্ৰাণৰক্ষাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। প্রণিধানযোগ্য যে নিহত মহিলাগৰাকীৰ স্বামী ডাঃ নগেন ডেকা নগাঁৱত বাস কৰে। তেওঁ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত হৈ আছে। তেওঁৰ একমাত্র পুত্র দুলীয়াজানত থাকে। তেওঁ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডত অভিযন্তা হিচাপে চাকৰি কৰি আছে।
আনহাতে তেওঁলোকৰ কন্যা দিল্লীত থাকে।গুৱাহাটীৰ ঘৰত মহিলাগৰাকীয়ে অকলশৰে বাস কৰে। স্থানীয় লোকে জনোৱা অনুসৰি তেওঁলোকে প্রথমে ঘৰটোৰ পৰা বিকট শব্দ শুনিছিল। জুইৰ সূত্রপাত হৈছিল পাকঘৰত আৰু মুহূৰ্ততে জুইৰ লেলিহান শিখাই অট্টালিকাটোৰ প্ৰথম মহলা আগুৰি ধৰে। অগ্নিকাণ্ডত অট্টালিকাটোৰ পাকঘৰ, ডাইনিং কম আৰু শোৱনি কোঠাটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে ঘৰটোত থকা বহু বৈদ্যুতিক সামগ্ৰীৰো বিস্ফোৰণ ঘটিছিল। অট্টালিকাটোৰ খিৰিকীৰ গ্লাছ ভাঙি বহু দূৰলৈ ছিটিকি পৰিছিল। আনহাতে নিহত মহিলাগৰাকী অত্যন্ত ধর্মপ্রাণ আছিল বুলি জানিব পৰা গৈছে। তেওঁ নিতৌ সন্ধিয়া নাম-প্ৰসংগ কৰিছিল। আনকি আজি সন্ধিয়াও তেওঁলোকৰ ঘৰত নাম-প্ৰসংগ আছিল বুলি জানিব পৰা গৈছে।
Leave A Comment